মিচিং জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক মূহুৰ্ত্ত।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ৰ আধাৰত প্ৰৱৰ্তন হ’ব লগা মিচিং ভাষাৰ ১১ খনকৈ পাঠ্যপুথি মিচিং জাতীয় পৰম্পৰাগত নিয়মেৰে উন্মোচন কৰিলে ।

মিচিং আগম কেবাঙৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আৰু চতুৰবিংশতম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত অসমৰ সামগ্ৰীক ৰুপান্তৰৰ বাবে বদ্ধপৰিকৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিচিং ভাষাক প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাবে প্ৰৱৰ্তন কৰাৰ বাবে মিচিং অগম কেবাঙে প্ৰস্তুত কৰা পাঠ্যপুথি যোৱা কালি আনুষ্ঠানিক ভাৱে উন্মোচন কৰি মিচিং ৰাইজৰ মাজত থকা শংকাসমূহ নাইকিয়া কৰি মিচিং ভাষাৰ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰাৰ বাবে সন্মানীয় ড৹ শৰ্মাক ডাঙৰীয়াক সমূহ মিচিং ৰাইজৰ হৈ মিচিং বাঃনে কেবাঙৰ সভাপতি হিচাবে হিয়াভৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
অসমৰ শিক্ষা ব্যৱস্থাৰ বাস্তৱ আমূল পৰিৱৰ্তন বাবে এক সুদূৰপ্ৰসাৰী লক্ষ্যৰে নিৰলস প্ৰচেষ্টাৰে সদাব্যস্ত অসমৰ শিক্ষামন্ত্ৰী সন্মানীয় ডাঃ ৰণোজ পেগু ডাঙৰীয়ালয়ো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
পাঠ্যপুথি প্ৰস্তুত কৰি উক্ত ঐতিহাসিক ক্ষনতেই উন্মোচন কৰাত সক্ৰীয় ভূমিকা গ্ৰহণ কৰাৰ বাবে মিচিং আগম কেবাঙৰ সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে আদৰণীয় গোৱিন্দ টাইদ্ আৰু ডিম্বেশ্বৰ দলে ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ সমূহ নেতৃবৃন্দলৈ অশেষ ধন্যবাদ থাকিল।

মিচিং সাহিত্য সভা

Leave a Reply

Your email address will not be published. Required fields are marked *