Mising Autonomous Council

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৪ সংখ্যক সাধাৰণ পৰিষদৰ সভাত গৃহীত প্ৰস্তাৱ ।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৪ সংখ্যক সাধাৰণ পৰিষদৰ সভাত গৃহীত প্ৰস্তাৱ সমূহ :-

শদিয়াৰ চপাখোৱা দিবাং মুলুক চাপৰিত ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰী দিনা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল কুমাৰ পেগুদেৱৰ অধ্যক্ষতাত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত ২৪ সংখ্যক সাধাৰণ পৰিষদৰ সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা প্ৰস্তাৱসমূহ এনে ধৰণৰ ।

প্ৰস্তাৱ নং ১/

প্ৰতিখন পৰিষদীয় সমষ্টিত একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণৰ বাবে ৬০ লাখকৈ টকা ধাৰ্য্য কৰা হৈছে । প্ৰয়োজনীয় ভুমি MACৰ নামত আৱন্তন দিব লাগিব ।

প্ৰস্তাৱ নং ২/

জীৱন জীৱিকা অভিযানৰ যোগেদি হিতাধিকাৰীৰ সহায়ক আচঁনি সমূহ হ’ল-
ক) গাহৰি পালনত: মুঠ ৫০০ গৰাকী গাহৰি পালকৰ জৰিয়তে অহা বছৰ ২০ হাজাৰ গাহৰি পোৱালি উৎপাদন।
খ) ছাগলী পালনত : ৫০ গৰাকী পালকৰ পৰা কমেও ২০০০ টা ছাগলী পোৱালি উৎপাদন।
গ) কুকুৰা পালনত : ৪০ গৰাকী পালকৰ জৰিয়তে ৩ লাখ কিলো মাংস উৎপাদন।
ঘ) মীন পালনত : ৪০০ গৰাকী মীন পালকৰ জৰিয়তে ১৬০০ বিঘাট মুঠ ১৬ হাজাৰ কুইন্টল মাছ উৎপাদন।
ঙ) তামুল বাগানত : ৫০০ গৰাকী খেতিয়কৰ জৰিয়তে ২৭৫০০ কুইন্টল তামুল উৎপাদন।
চ) অসম নেমু বাগানত : ১০০০ গৰাকী খেতিয়কৰ জৰিয়তে মুঠ ৬৭২ লাখটা নেমু উৎপাদন।
ছ) আপেল বগৰীত : ১০০ গৰাকীৰ জৰিয়তে ৪০৫০ কুইন্টল আপেল বগৰী উৎপাদন।
জ) অমিতা বাগানত : ৫০ গৰাকীৰ জৰিয়তে ৮৪০ কুইন্টল উৎপাদন।
ঝ) কেঁচু সাৰত : ১০০ গৰাকীৰ জৰিয়তে ১০ হজাৰ কুইন্টল কেঁচু সাৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে ।

প্ৰস্তাৱ নং ৩/

পশুপালন বিভাগৰ গাহৰি , কুকুৰা, ছাগলী, ডেইৰী আৰু মীন পালন, উদ্যান শস্য, ৰেচম শিল্প, হস্ততাঁত, চুলি কটা, জেটি (JETI Course), অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়ন, বিউটিচিয়ান, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী আদিত ৪০০০ গৰাকীক পৰিষদে প্ৰশিক্ষণ দিয়া হ’ব।

প্ৰস্তাৱ নং ৪/

সাংস্কৃতিক বিভাগত থলুৱা নৃত্য যেনে মিচিঙৰ গুমৰাগ, লেৰেলী, চেল্লয়া আৰু থলুৱা বাদ্য যন্ত্ৰৰ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ ওপৰিও বড়োসকলৰ বাগৰোম্বা নৃত্য, গোৰ্খাসকলৰ মাৰনী নৃত্য, ৰাভা নৃত্য, তীৱা নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

প্ৰস্তাৱ নং ৫/

প্ৰতিটো সমষ্টিত মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব ।

প্ৰস্তাৱ নং ৬/

ছাত্ৰ ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ কৰা হ’ব।

প্ৰস্তাৱ নং ৭/

জীৱন জীৱিকাৰ আঁচনিৰ অন্তৰ্গত শিক্ষামূলক ভ্ৰমণ (Exposure Visit) বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৰোৱা হ’ব।

প্ৰস্তাৱ নং ৮/

মাধৱ পেগু সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান এখন জনাইত প্ৰতিষ্ঠা কৰা হ’ব।

প্ৰস্তাৱ নং ৯/

পৰিষদীয় সমষ্টি কিছুমানত মিচিং আগম কেবাঙৰ সহযোগত মিনি গ্ৰন্থ মেলা অনুষ্ঠিত কৰা হ’ব ।

প্ৰস্তাৱ নং ১০/

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মিচিং ভাষা অধ্যয়ন ভৱন নিৰ্মাণ কৰা হ’ব।

প্ৰস্তাৱ নং ১১/

পশু আৰু মাছৰ দানা প্ৰস্তুত কৰা ৪ টা ফীদ মিল নিৰ্মাণ কৰা হ’ব।

প্ৰস্তাৱ নং ১২/

বিভিন্ন অঞ্চলত বজাৰ কেন্দ্ৰ (Market Shed) আৰু অধিক নিৰ্মাণ কৰা হ’ব।

প্ৰস্তাৱ নং ১৩/

পৰ্যটন বিভাগত ইক’ ট’ৰিজিম কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। লগতে এই বিভাগত যুৱক যুৱতিসকল প্ৰশিক্ষিত কৰা হব ।

প্ৰস্তাৱ নং ১৪/

কৃত্ৰিম প্ৰজনন আচঁনিৰ জৰিয়তে থলুৱা গাই গৰুৰ পৰা বৰ্ণসংকৰ গৰু উৎপাদন কৰা । লগতে গাহৰিৰ ক্ষেত্ৰতো কৃত্ৰিম প্ৰজননৰ সুবিধা উপলব্ধ কৰোৱা হ’ব।

প্ৰস্তাৱ নং ১৫/

জীৱন জীৱিকাৰ আঁচনি সমুহ প্ৰয়োজন সাপেক্ষে তৃতীয় পক্ষৰ জৰিয়তে ভেৰিফিকেচন (Verification) কৰোৱা হ’ব।

প্ৰস্তাৱ নং ১৬/

অহা নিৰ্বাচনৰ আগতে কমেও আৰু ৪ টা পৰিষদীয় সমষ্টি গঠনৰ প্ৰস্তাৱ অসম চৰকাৰলৈ আগবঢ়োৱা হ’ব ।

প্ৰস্তাৱ নং ১৭/

ইতিমধ্যে বিভিন্ন অঞ্চলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা গাওঁ সমূহক পৰিষদত অন্তৰ্ভুক্ত কৰোৱা হ’ব। বৰ্তমান পৰিষদত অন্তৰ্ভুক্ত নোহোৱা মিচিং গাওঁ সমূহতো পৰিষদৰ অৰ্থসাহায্যত উন্নয়নৰ কাম হাতত ল’ব পাৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *